Thursday, November 17, 2011

প্ৰযত্নে: হৃষীৰাজ শৰ্মা

একাঁজলি শ্ৰদ্ধা

প্ৰযত্নে:

নাকান্দিবা.!
ৰাতিৰ আন্ধাৰে উচুপি কাণে কাণে কয়
সৌৱা দিখৌৰে ভটিয়াই গদাধৰেৰে উজাই
লুইতত মিলিছে অসমীয়া |
এহালি মৰমৰ বাবে তেওঁ এটি গান হ’ল
মানুহৰ বুকুত সুৰৰ ৰাং সানি থাকোতেই
পূৰ্ব দিশত সন্ধিয়া হ’ল.!
উহঃ, নাকান্দিবা
সেই সোৱাদবোৰৰ বাবেইতো
স্পন্দনৰ অন্য এক নাম
বুকু ফালি দেখুৱাইছা একেখন ছবি
ছবিৰ মাজত উদ্ভাসিত অতীত,
বৰ্তমান আৰু ভৱিষ্যতৰ ভিন্নতা
আৰু চকুদুটা?
হেৰৌ অসমীয়া.! অনন্তকাল সাক্ষী হৈ ৰ’ব
লুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ ৰূপ চাবা |

Wednesday, November 16, 2011

ভূপেন দা তুমি অমৰ হোৱা...

হে’ শিল্পী,
আজি তুমি শিল্প হ’লা।
আৰু সময় সেই অসহায় তুলিকাধাৰী...।
বন্দনাৰ ভাষা যাৰ হেৰাই গৈছে,
যাযাবৰ সত্তাৰ বিশালতাক বিন্দুত বান্ধিব খুজি।

কাৰুণ্যৰ অমিয়া শংখ ধ্বনিৰ মাজেৰে
যেতিয়া তুমি মূর্ত হৈছা,
সমদলত বিলীন হৈছে বহু বর্ণিল ভাৱানুভূতি।

আভিমানবোৰৰ আঁত হেৰাই গৈছে,
অট্টালিকাৰ ছাঁত জিৰোৱাসকলেও যেতিয়া সমস্বৰে চিঁঞৰি উঠিছে,
চোৱা, ইশ্বৰ তেওঁৰ মাজতো আছিল।


অন্তিম শয়নৰ ঠিকনা বিচাৰি
ৰক্তিম এটি উত্তাপ হৈ বাৰে বাৰে ভেটিছা আজি
আবেলিৰ অস্তমিত বেলি,
কণ্ঠৰ শোণিতেৰে তিয়াইছা আজি
শীতৰে সেমেকা ৰাতি।

হে’ শিল্পী,
শব্দ যদি ব্রহ্ম হয়,
সেই ব্রহ্মত্বৰ স্বাক্ষৰ হোৱা তুমি।
মৃত্যু যদি শিল্প হয়,
সেই শিল্প হোৱা তুমি।

আৰু,
সৃষ্টি যদি অমৰ হয়,
তেন্তে অমৰ হোৱা তুমি...।

চন্দ্রমা কলিতা

Wednesday, November 2, 2011

মোৰ ঠিকনা: অমৃতা প্ৰীতমৰ কবিতা

( মূল পঞ্জাবী কবিতাৰ পৰা অসমীয়া অনুবাদঃ যামিনী অনুৰাগ )

আজি মই মোৰ ঘৰৰ নম্বৰ মছি পেলালো
আৰু গলিৰ মূৰত থকা ফলকৰ পৰা গলিৰ নাম আতৰাই দিলো
আৰু প্ৰতিটো পথৰ দিশৰ নাম মোহাৰি পেলালো
আৰু যদি আপুনি মোক বিচাৰি পাবই লাগে
তেন্তে প্ৰতি দেশৰ, প্ৰতি চহৰৰ, প্ৰতি গলিৰ দুৱাৰ খটখটাৱক
ই এক শাপ, ই এক বৰ
আৰু য’তেই স্বাধীন আত্মাৰ জিলিকনি পাব
-জানিব সেয়াই মোৰ ঘৰ
Related Posts Plugin for WordPress, Blogger...