Saturday, January 28, 2012

কলিকতা গ্রন্থমেলাত অসমীয়া গ্রন্থ সম্ভাৰ

অসম তথা পূর্বোত্তরের বাংলা, অসমিয়া সহ অন্যান্য ভাষার বই নিয়ে ব্যতিক্রম কলকাতার বইমেলাতে। অসম তথা পূর্বোত্তৰৰ বাংলা, অসমীয়া গ্রন্থ সম্ভাৰ লই 'ব্যতিক্রম' কলিকতা গ্রন্থমেলাত। অনুগ্রহ কৰি, আপোনাৰ কলিকতাত থকা বন্ধুসকলৈ এই সংবাদ শেয়াৰ কৰক। স্টল নংঃ ৫৪৬

Saturday, January 14, 2012

প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে: হৃষীৰাজ শৰ্মা


সুৰুযৰ ৰথত উঠিবলৈ মোৰো মন
পোহৰৰ বাবে হাহাকাৰ কৰোতে
এদিনৰ বাবে হেৰুৱাইছিলোঁ চকুদুটা
মোৰ হাজাৰটা সেউজ সপোনৰ সমাধি
তোমালোকৰ বুকুত
আজি এবেলা অন্ধকাৰৰ সৈতে চুক্তিবদ্ধ হ’লেও,
আলোকৰ সৈতে আলিংগনৰ নিৰ্যাস
মোৰ স্বপ্নাতুৰ হৃদয়ৰ গুপুত গান
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে
মেঘলৈ দলিওৱা নাই উন্মাদনাৰ অহংকাৰী পত্ৰ
সৌৱা মেঘনাদলৈ বতৰা পঠিয়াইছোঁ,
নামিব বুৰুয বৰষাৰ স’তে
বিশল্যকৰণী বিচাৰি হাবাথুৰ লক্ষণ,
কলিযুগত নাই তোমাৰ ভৃত্য হনুমান
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে
Related Posts Plugin for WordPress, Blogger...